জটিল বাক্য বা মিশ্র  বাক্য (Complex Sentence) কাক বোলে উদাহৰন দিয়া 

জটিল বাক্য কাক বোলে উদাহৰন দিয়া | মিশ্র  বাক্য কাক বোলে উদাহৰন দিয়া | 

জটিল বাক্য বা মিশ্র  বাক্য (Complex Sentence) কাক বোলে উদাহৰন দিয়া 


Q.জটিল বাক্য বা মিশ্র  বাক্য (Complex Sentence) কাক বোলে উদাহৰন দিয়া 

Ans:- জটিল বা মিশ্র বাক্য (Complex Sentence):-যিবােৰ বাক্য এটা প্রধান বা স্বাধীন বাক্য আৰু তাৰ তলতীয়া এটা বা তাতােকি বাক্যাংশৰ দ্বাৰা গঠিত হয় তাকে জটিল বাক্য বা মিশ্র  বাক্য বােলে। 

সাধাৰণতে এটা জটিল বাক্যত এটা প্রধান বাক্য আৰু এটা অপ্রধান বাক্য থাকে। ইয়াৰ অপ্রধান বাক্যাংশটি প্রধান বাক্যটিৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ :-

যিবােৰ ভাল ছােৱালী ,সিহঁতে নিয়মিত কিতাপ পঢ়ে ।

যােৱাকালি যিজন ল'ৰা আহিছিল, সি মােৰ ভাই ।

উক্ত বাক্য দুটিৰ সিহঁতে নিয়মিত কিতাপ পঢ়ে’আৰু সি মােৰ ভাই প্রধান বাক্য। আনহাতে যিবােৰ ভাল ছােৱালী আৰু ‘যােৱাকালি যিজন ল'ৰা আহিছিল’-বাক্যাংশবােৰ আগৰ প্ৰধান বাক্যাংশ দুটাৰ তলতীয়া। সেয়ে বাক্য দুটা জটিল বাক্য।