বহাগ বিহুৰ বিষয়ে ৰচনা bohag bihu essay in assamese language

বহাগ বিহুৰ বিষয়ে ৰচনা লিখা | বহাগ বিহুৰ ৰচনা | এখন বহাগ বিহুৰ ওপৰত ৰচনা লিখা | বিহু ৰচনা | bohag bihu essay in assamese | bohag bihu essay ৰচনা | bohag bihu ৰচনা অসমীয়াত 

বহাগ বিহুৰ বিষয়ে ৰচনা bohag bihu essay in assamese language


বহাগ বিহুৰ বিষয়ে ৰচনা bohag bihu essay in assamese language
আৰম্ভণি:- বহাগ বিহু হ’ল অসমৰ জাতীয় উৎসৱ। ই প্রেম, শান্তি, ভাতৃত্ববােধ, একতা আৰু জাতীয় সংহতিৰ প্রতীক ।

বহাগ বিহু:- বহাগ বিহু চ'ত মাহৰ শেষৰ দিনাখন আৰম্ভ হয় আৰু ই বহাগ মাহৰ সাত তাৰিখলৈ চলি থাকে। এই বিহু প্ৰথম দিনটো 'গৰু বিহু’বুলি কোৱা হয় কাৰণ এইদিনা গৰুক নৈ বা পুখুৰীত গা-পা ধুৱাইগৰুৰ শিং, মূৰ,কাণ আদিত তেল ঘঁহি ভক্তি আৰু শ্ৰদ্ধাৰে লাউ, বেঙেনা,হালধী আদি খুৱাই নতুন বছৰটোত ডাঙৰ-দীঘল হ'বলৈ শুভকামনাকৰা হয়। পিছদিনাৰ পৰা মানুহ বিহু আৰম্ভ হয়। ডেকা ল'ৰা-ছােৱালীহঁতে মুকলি পথাৰত নাচে আৰু বিহু গীত গায়। মানুহে নতুন কাপােৰ লয়। এইবিহুটোৱে জীৱনৰ যৌৱন কালটোক প্রতিনিধিত্ব কৰে। সেয়ে এই বহাগ বিহু উৎসৱটোক বসন্ত উৎসৱ বুলিও কোৱা হয়। 
  আত্মীয় কুটুম্বক মাতি জা-জলপান খুওৱা হয় আৰু গামােছা উপহাৰ দিয়া হয়।
এইবিহুত মানুহে বহুত ৰং-ধেমালি আৰু স্ফুর্তিকৰে বাবে ইয়াক ৰঙালী বিহুবুলিও কোৱা হয়।

সামৰণি :-  বিহু অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। বিহুত অসমীয়া
সমাজৰ স্বকীয় কলা-কৃষ্টি সুন্দৰ ভাবে মূর্ত হৈ উঠে। ই প্রেম, ভাতৃত্ববােধ, মৰম
চেনেহ,শান্তি আৰু একতাৰ প্ৰতীক। অসমীয়াসকলে এই বিহুক লৈ বিশ্ব দৰবাৰত
গৌৰৱ কৰে।