কাৰক কাক বোলে ই কেই প্ৰকাৰ | আৰু কি কি-

কাৰক কাক বোলে ইয়াৰ ভাগ কেইটা | কাৰক বুলিলে কি বুজা | আৰু কি কি | কাৰক বোলিলে কি বোজা উদাহৰন দিয়া |

কাৰক কাক বোলে | ই কেই প্ৰকাৰ | আৰু কি কি

Q.কাৰক কাক বোলে ই কেই প্ৰকাৰৰ| আৰু কি কি-

Ans:- ক্ৰিয়াৰ লগত যাৰ অন্বয় বা সম্বন্ধ আছে তাক কাৰক বােলে।অসমীয়াত ছবিধ কাৰক আছে। 

1. কর্তা (Nominative)

2. কর্ম (Accusative) 

3. কৰন (Instrumental)

4. সম্প্ৰদান (Dative)

5. অপাদান (Ablative)

6. অধিকৰণ (Locative)।

ইয়াৰ বাহিৰেও আন আন পদৰ লগত অন্বয় বা সম্বন্ধ থকা সম্বন্ধ পদ (Genetive) আছে। ইয়াক কাৰক কোৱা নহয়, কিয়নাে ইয়াৰ ক্ৰিয়াৰ লগত কোনাে সম্বন্ধ অন্বয় নাই। এই সম্বন্ধ পদত ৬ষ্ঠী বিভক্তি হয়। সম্বােধন কৰি মাতিলে অসমীয়াত প্রথমা বিভক্তিকেই ব্যৱহাৰ কৰা হয়।

২:  মনৰ ভাব প্রকাশক বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ ক্রিয়া বা শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্রাতিপদিকৰ পিছত বচন আৰু কাৰক বুজোৱা যিবােৰ চিন (বর্ণ বা বর্ণ সমষ্টি) যােগ কৰা হয়, তাকেই শব্দ-বিভক্তি কোৱা হয়।

ছয় বিধ কাৰক আৰু সম্বন্ধ পদত মুঠ সাত বিধ শব্দ বিভত্তি ব্যৱহাৰ হয়। যথা,১ম, ২য়, ৩য়, ৪র্থ, ৫ম, ৬ষ্ঠী আৰু ৭মী বিভক্তি।

৩: শব্দ বিভক্তি আকৌ দুবিধ -(ক) বাক্যৰ অর্থানুযায়ী ক্রিয়াৰ লগত অন্বয় ৰাখিবলৈ বিভিন্ন পদত যােগ হৈ কাৰক সৃষ্টি কৰা কাক-বিভক্তি আৰু (খ) কিছুমান বিশেষ অব্যয়ৰ যােগত নির্দিষ্ট বিভক্তি যােগ হােৱা উপপদ বিভক্তি। প্রতি অব্যয় শব্দ যােগত অসমীয়াত ষষ্ঠী বিভক্তি যুক্ত হয়। যথা– ৰামৰ প্রতি। এই বাক্যত ‘প্রতি অব্যয় শব্দৰ প্ৰভাৱত ষষ্ঠী বিভক্তি হৈছে, গতিকে ই উপপদ বিভক্তি।

কিন্তু ৰামৰ কামটো কৰা হ'ল। ইয়াত 'ৰামৰ শব্দটোত ষষ্ঠী বিভক্তি আছে, কর্ম বাচ্যৰ বাক্যত কর্তা কাৰকত ষষ্ঠী বিভক্তি হৈছে। গতিকে ই কাৰক-বিভক্তি।

-------------------------------------------------

1. জটিল বাক্য বা মিশ্র  বাক্য (Complex Sentence) কাক বোলে উদাহৰন দিয়া 

2.বিভক্তি কাক বোলে |  উদাহৰন দিয়া  ই কেইপ্ৰকাৰৰ আৰু কি কি  ?