তিনিটা মাছৰ কাহিনী | Chapter 10 | Class 5 Assamese Chapter 10 Question Answer
Class 5 Assamese Lesson 10 | Assamese Lesson 10 question and answer | তিনিটা মাছৰ কাহিনী | তিনিটা মাছৰ কাহিনী Chapter 10 |
তিনিটা মাছৰ কাহিনী | Chapter 10 | Class 5 Assamese Chapter 10 Question Answer |
Lesson 10
তিনিটা মাছৰ কাহিনী
( তিনিটা মাছৰ কাহিনী পাঠটিৰ সকলো প্ৰশ্ন উওৰ তলত দিয়া হল । )
1/ (ক) তিনিটা মাছৰ কাহিনী’ত থকা মাছকেইটাৰ নাম কি কি?
উত্তৰ:- মাছ তিনিটাৰ নাম হ'ল
(১) ।প্রত্যুৎপন্নমতি
(২) অনাগতবিধাতা
(৩) মদভৱিষ্য।
(খ) অনাগত বিধাতা কিয় শংকিত হৈছিল?
উত্তৰ :- এদিন অনাগত বিধাতাই বিলত সাঁতুৰি-নাদুৰি থাকোতে সেই ফালেৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে। মাছমৰীয়া সকলে কৈছিল যে এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই। গতিকে ইয়াৰ মাছবােৰ নিশ্চয় বহুত ডাঙৰ হৈছে। এতিয়া গধুলি হৈছে, গতিকে কাইলৈ ৰাতি পুৱা আহি এই বিলত মাছ মাৰিব লাগিব। মাছমৰীয়াসকলৰ বজ্ৰ সদৃশ কথা শুনি আৰু মাছবিলাকৰ ভৱিষ্যত বংশধৰ সকলৰ কথা চিন্তা কৰি অনাগত বিধাতা শংকিত হৈ পৰিছিল।
(গ) অনাগত বিধাতাৰ কথা কোনে সমর্থন কৰিছিল ?
উত্তৰ :- অনাগত বিধাতাৰ কথা শুনি প্রত্যুৎপন্নমতিয়ে সমর্থন কৰিছিল।
(ঘ) কোনে বিপদৰ কথা নাভাবি আকোৰ গোঁজ হৈ থাকি মৃত্যুক সাৱটি ল’লে ?
উত্তৰ :- যদ্ ভৱিষ্যই ।
(ঙ) মাছমৰীয়া কেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে ?
উত্তৰ :- মাছমৰীয়া কেইজনে জালেৰে পুখুৰীত মাছ মাৰিলে।
2/ তলৰ কথাকেইষাৰ কোনে, কি উদ্দেশ্যৰে কাক কৈছিল ?
(ক) ''আপুনি সঁচা কথাকেই কৈছে। ময়াে এই বিল এৰি ওচৰত থকা আন খাল-বিললৈ যােৱাটো উচিত বুলি ভাবােঁ"।
উত্তৰ :- উক্ত কথাষাৰ প্রত্যুৎপন্নমতিয়ে অনাগত বিধাতাক কৈছিল।
অনাগত বিধাতাই মাছমৰীয়া সকলৰ বজ্ৰ সদৃশ কথা শুনি দূখ হৈছিল। তেওঁ জানিছিল যে যদি সেই বিলৰ পৰা তেওঁলােক আঁতৰি নাযায় তেনেহলে মৃত্যু হ’ব। অনাগত বিধাতাৰ কথা সমর্থন
কৰি প্রত্যুৎপন্নমতিয়ে এই কথাষাৰ কৈছিল।
(খ) মই মুখৰ কথাতেই পিতৃ পিতামহৰ এই বিলখন এৰি যােৱাতাে যুক্তিযুক্তবুলি নাভাবাে
উত্তৰ :- এই কথাষাৰ যদ্ ভৱিষ্যই প্রত্যুৎপন্নমতি
আৰু অনাগত বিধাতা মাছ দুটাক কৈছিল।
মাছমৰীয়া বিলাকৰ বজ্ৰ সদৃশ কথা শুনি অনাগত বিধাতাই বিলৰ সকলো মাছ বিলাকক তেওঁলােকৰ ভৱিষ্যতৰ কথা ভাবি তাৰ পৰা পলাই যােৱাৰ সিদ্ধান্ত দিছিল। যদ্ভৱিষ্যই এই সিদ্ধান্তত সমর্থন দিয়া নাছিল। তেওঁ যুক্তি দি কৈছিল যে বনত বিসর্জন দি অহা জনাে জীয়াই থাকে আৰু ঘৰত সুৰক্ষিত হৈ থকা জনৰো বিনাশ হয়। গতিকে মাছমৰীয়া বিলাকৰ মুখৰ কথাত যৱিষ্যই পিতৃ-পিতামহৰ সেইবিলখন এৰি যােৱাতাে যুক্তি যুক্ত বুলি নাভাৱে। সেই
প্রসংগত উক্ত কথাফাকি যদ্ভৱিষ্যই অনাগত বিধাতা আৰু প্রত্যুৎপন্নমতিক কৈছিল।
(গ) কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি শেষ কৰিব।
উত্তৰ :- উক্ত কথাষাৰ অনাগত বিধাতাই বিলত থকা সকলাে মাছক মাতি আনি মাছমৰীয়া সকলে কৈ যােৱা কথা বর্ণনা কৰি কৈছিলযে মাছমৰীয়া সকলে যিহেতু অহাকালি আহিব, আৰু তেওঁলােকে আহি মাছবোৰ মাৰিব। তেতিয়া মাছবােৰ নিঃশেষ হৈ যাব। বিপদে যিহেতু তেওঁলােকক হাত বাউল দি মাতিছেগতিকে তেওঁলোক আৰু সেই ঠাইত থকাটো উচিত নহ'ব। সেই প্রসংগত অনাগত বিধাতাই তেওঁলােকৰ পৰিয়ালবৰ্গ সকলক এই কথাষাৰ কৈছিল।
3/ তলৰ সব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানৰ পৰা চাই লিখা
শব্দ অর্থ
অনাগত বিধাতা --- ভৱিষ্যৎ,অনুপস্থিত যি এতিয়াও অহা নাই।
প্রত্যুৎপন্নমতি --- উপস্থিত বুদ্ধি সম্পন্ন,উপস্থিত বুদ্ধি আছে যাৰ, ।
যদ্ভবিষ্য --- ভৱিষ্যতে যি হয় হ’ব এনে মনােভাৱ।
এখন্তেক --- এক মুহুর্ত, ক্ষণ মাত্র।
ঘােদালি ---- ঘাঁটি বােকা কৰ, খচি মলিন কৰ।।
নিঃশেষ --- শেষ বা বাকী নথকা
বিনাশ। ---- ধ্বংস।
সুৰক্ষিত --- ভালকৈ থােৱা বা ৰখা, সকলাে ধৰণৰ বিপদ আপদৰ পৰা বচাই ৰখা।
বজ্ৰসদৃশ - বজ্ৰৰ (ইন্দ্ৰৰ প্ৰধান অস্ত্র) নিচিনা।
আঁকোৰ গোঁজ --- ভাল-বেয়া নেমানি কোনাে কামত বা কথাত লাগি থকা
উচ্চস্বৰে --- চিঞৰি।
হাত সাৱটি → একো কাম নকৰি এনেয়ে বহি থকা।
4/ তলৰ প্ৰশ্নবােৰৰ উত্তৰ লিখা।
(ক) মাছমৰীয়াহঁতৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া মাছবােৰক কি ক'লে ?
উত্তৰ :- মাছমৰীয়া বিলাকে কোৱা কথা বিলাক অনাগত বিধাতাই ভালদৰে শুনি আছিল। তেওঁ সেইখন বিলত থকা
সকলো মাছক মাতি আনি কৈছিল যে কাইলৈ পুৱা মাছমৰীয়াসকল আহি মাছবােৰ মাৰি নিঃশেষ কৰিব। তেওঁলােকক বিপদে হাত বাউল দি মাতিছে। গতিকে তেওঁলােকে তাত এখন্তেকো সময়ে তাত থকাটো উচিত নহয়। ৰাতিয়েই
আন ঠাইলৈ গুচি যাব লাগিব। কিয়নাে দুর্বলী লােক সদায় বলীৰ পৰা আঁতৰত থাকিব লাগে, অথবা আন সুৰক্ষিত স্থানত আশ্রয় ল'ব লাগে।
(খ) অনাগত বিধাতাই কোৱা কথাটো প্রত্যুৎপন্নমতিয়ে কিয় সমর্থন কৰিলে?
উত্তৰ :- অনাগত বিধাতাই কোৱা কথাখিনি বৰ যুক্তি সংগত বুলি প্রত্যুৎপন্ননতিয়ে জানিছিল। তেওঁ ভালদৰে বুজিছিল
যে এই বিপদৰ পৰা হাত সাৰিবলৈ হ'লে সেই ঠাই এৰি যােৱাৰ বাহিৰে অন্য গত্যন্ত
নাই। গতিৰে অনাগত বিধাতাৰ লগত প্রত্যুৎপন্নমতিয়েও সেই বিল এৰি ওচৰতে থকা আন খাল বিললৈ
যােৱাটোকেই উচিত বুলি বিবেচনা কৰিছিল। কিয়নাে, যাৰ জীয়াই থকাৰ উপায় থাকে, তেওঁ কিহৰ মােহত বিনাশ
হ’ব ? ‘পিতৃ-পিতামহৰ কুঁৱা বুলি ভবা কাপুৰুষ সকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে।
(গ) যদ্ভৱিষ্যই কিয় মৃত্যুক সাৱটি ল’ব লগা হ'ল ?
উত্তৰ :- অনাগত বিধাতাই সেই বিলখন এৰি যােৱাৰ কথাটোত যদ্ভৱিষ্যই ভাল নাপালে। তেওঁৰ মতে যদি আয়ুস
শেষ হয় তেনেহ'লে অন্য ঠাইলৈ গ'লেও মৃত্যু হ’বই। বনত বিসর্জন দি অহা জনাে জীয়াই থাকে আৰু ঘৰত সুৰক্ষিত ভাবে থকাজনৰাে বিনাশ হয়। আমাৰ সমাজত সাধাৰণতে কোৱা হয় অসুৰক্ষিত জনকো দৈৱই ৰক্ষা কৰে আৰু
সুৰক্ষিত হৈ থকা জনকো দৈৱই বিনাশ কৰে। গতিকে যদ্ভৱিষ্যই মাছমৰীয়া বিলাকৰ মুখৰ কথাত পিতৃ পিতামহৰ
সেই বিলখন এৰি যােৱাটো যুক্তি যুক্ত বুলি নাভাবিলে। তেওঁ সেই ঠাই এৰি নােযােৱাটোকে ঠিক কৰিছিল। ফলত
মাছমৰীয়া সকলৰ হাতত যদ্ভৱিষ্যই মৃত্যুক সাৱটি ল'ব লগা হৈছিল।
(ঘ) আঁকোৰ গোঁজ মনোেভাৱে মানুহক কেনেদৰে বিপদত পেলায়?
উত্তৰ :- আঁকোৰ গোঁজ মানুহে নিজৰ মতত অটল হৈ থাকে। তেওঁলােকে আনৰ সৎ উপদেশ দিলেও তাক মানি নলয়।
ভাল বেয়া বিচাৰ কৰিব নােৱাৰা বাবে তেওঁলােক বিপদত পৰে। বিপদৰ বাবে আগতীয়া সাৱধানতা নথকা বাবে ধ্বংস হয়।
0 Comments
Post a Comment