অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি class 10 assamese book question answer seba lesson 8


class 10 assamese lesson 8
class 10 assamese lesson 8
question answer
class 10 assamese book question
answer seba lesson 8

Leson 8 

অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি


Q1/ অতি চমু উত্তৰ লিখা ?
1.  ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো?
Ans :- ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গত গােষ্ঠীটো হৈছে হুকং উপত্যকা আৰুচীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা মংগােলীয় গােষ্ঠী।

2/  প্রাচীন কালৰ পৰা অসমদেশ কিহৰবাবে প্রসিদ্ধ আছিল?
Ans  :-  প্রাচীন কালৰ পৰা অসম দেশ ঐন্দ্রজালিকবিদ্যাৰ আৰু  যাদুবিদ্যা
 বাবে প্রসিদ্ধ আছিল।

3/ কিহে অসমীয়া জাতিক অধিককটীয়াকৰিলে ?
Ans  :-  বিভিন্ন ভাষা-ভাষীৰ লােকৰমাজত ঘটা ভাষিকসংমিশ্রণে অসমীয়া জাতিকঅধিককটীয়া কৰিলে।

4/ সকলােকে বান্ধি থােৱা এনাজৰীডাল কি আছিল?
Ans  :- সকলােকে বান্ধি থােৱা এনাজৰীডাল হৈছে অসমীয়া ভাষা।

5/  অসমৰ মংগােলীয় গােষ্ঠীৰ লােক কোনবিলাক?
Ans :- অসমৰ মংগোলীয় গােষ্ঠীৰ লােকবিলাক হৈছে-
ডিমাছা, দেউৰী, মিচিং, কছাৰী, চুটিয়া, কোচ, মেচ, তিৱা,কাৰ্বি আদি।

6/  চমু উওৰ দিয়া  
6/ অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?
Ans :-  অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে অসমৰপ্রাচীন জনজাতি গােষ্ঠী অর্থাৎ অনাৰ্যসকল যেনে-কচাৰী,দেউৰী,মিচিং, বড়াে, কোচ, মেছ, ডিমাছা, তিৱা, কাৰ্বি আদিক বুজায় । 

7/  কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?
Ans  ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল ।

8/  চাহ উদ্দ্যোগৰ কৰ্মীৰসকল কোন? তেওঁলােক ক'ৰ পৰা অসমলৈ আহিছিল ?
Ans :-  অসমৰ চাহ-উদ্দ্যোগৰ কৰ্মীসকল হ'ল- চাওঁতাল, কুর্মি, মোঁছহৰ, মুণ্ডা, তেলেঙা, হাে, ভূমিজ, ওৰাং, তাঁতী, লােহাৰ আদি বিভিন্ন জাতিৰ লােক। এওঁলােক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

9/ পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্রস্তুত কৰা।
Ans - পাঠটিত থকা খাদ্যবস্তুসমূহহ'ল- পােলাও, পাৰাথা, কোর্মা-কোপ্তা, কেক-বিস্কুট, ৰুটি, ৰসগােল্লা, লালমােহন, চিঙ্গাৰা, লুচী-পুৰী,, ডচা-চাম্বাৰ, ইড্‌লি ইত্যাদি। 

10/ অসমৰ বৈচিত্রপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে'-কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগােষ্ঠীৰ বৈচিত্র বর্ণনা কৰা।
Ans -  অসম হৈছে সময়ে সময়ে অহা বিভিন্ন জাতি-গােষ্ঠীৰ এক মিলন ভূমি। ত্রয়ােদশ শতিকাৰ পৰা বিংশ শতাব্দীলৈ নানান জাতিৰ মানুহ আহি অসমত
থিতাপি লৈছে। কিছুমানে যুদ্ধ কৰিবলৈ, কিছুমানে যুদ্ধবন্ধী হিচাপে, কিছুমানে বেপাৰ-বাণিজ্য কৰিবলৈ, কিছুমানে ৰজাঘৰীয়া পৃষ্ঠপােষকতাত আৰু কিছুমানে
চৰকাৰী উদ্দ্যোগত আহিইয়াত বসবাস কৰিবলৈ লৈছে। সেইকালৰ সহজ-সৰল কছাৰী, চুটিয়া, কোচ, বডো় আদিয়ে নির্বিবাদে সকলােকে গ্রহণ কৰিলে। একে ভৌগােলিক পৰিবেষ্টনত থাকি ওচৰা-ওচৰিকৈ এটা সম্প্রদায়ে আনটো সম্প্রদায়ৰ দ্বাৰা প্ৰভাৱিত হ’ল। বাহিৰৰ পৰা অহা সকলােৱেই এই দেশখনকে নিজৰ দেশ বুলি ললে, অসমীয়া ভাষাকেই নিজৰ ভাষা হিচাপে গ্রহণ কৰিলে। আৰু এই সকলাে লগলাগি বৃহত্বৰ অসমীয়া জাতি গঠন হ'ল। 

11/ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ কি কি ?
উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ হৈছে- অলিখিত নিচুকনি গীত, আইনাম, বিয়ানাম, বন গীত, বিহু গীত, দেহবিচাৰৰ গীত, গৰখীয়া গীত, নাও খেলােৱা গীত, বাৰমাহী গীত মন্ত্র সাহিত্য আৰু ডাকৰ বচন।