মহৎ লােকৰ বাণী | মহৎ লোকৰ অমৃত বাণী | Mahat lokar bani in Assamese

মহৎ লোকৰ বাণী | অসমীয়া মহৎ লোকৰ বাণী | অমৃত বচন | মহান ব্যক্তিসকলৰ বাণী | মহান ব্যক্তিসকলৰ অমৃত বচন | মহৎ লোকৰ অমৃত বাণী


মহৎ লােকৰ বাণী অসমীয়া | Mahat lokar bani in Assamese



Mahat lukar bani | Mohot lokor bani in Assamese | Assamese mohot lukar bani | Mahatma Gandhi mahat lukar bani | Mahatma gandhi mahat lukar bani in Assamese | Mahat bani Assamese | 



  মহৎ লােকৰ বাণী |মহৎ লোকৰ অমৃত বাণী Mahat lokar bani in Assamese  

1. “যিজনে দূৰলৈ চাই চিন্তা কৰিবলৈ অপাৰগ, সেইজনে সােনকালেই দুখ ভােগ কৰিব লাগিব।
:- কনফুচিয়াচ

2. “প্রত্যেক ধর্মই আমাক কয়, কর্ম-বিশ্বাস আৰু অৰ্চনা –এই তিনিটা মানুহৰ প্রধান লাগতিয়াল বস্তু।”
:- ৰাধাকৃষ্ণন

3. “পোকে কোট চোলা নষ্ট কৰাৰ লেখীয়াকৈ ঈর্ষায়াে মানুহৰ জীৱন শেষ কৰে।” 
:-ক্রাইচষ্টম

4. “জীৱনটো আচলতে খুব চুটি; কেৱল জীৱনৰ দুখ যন্ত্রণাবােৰেহে খুব দীঘলীয়া যেন কৰে।”
:- পাব্রিয়াছ ছাইৰাছ

5. “মানুহৰ মাজত দেৱতা আছে। সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি।”
:-চক্ৰেটিছ

6. “প্রত্যেক দিনেই জীৱনৰ শেষ দিন বুলি কাম কৰি যােৱা।”
:– জিম কৰবেট

7. “প্রেমিকালৈ যচা চুমাটোৰ দৰে উপদেশটো বৰ উপাদেয় বস্তু। অকণাে টকা-পইছা খৰচ নহয় আৰু দি উঠি বৰ আত্মতৃপ্তি পােৱা যায়।”
:— জর্জ বাণাৰ্ডশ্ব

8. “মােক মৰম আৰু কাম এই দুটাই মাত্র দিয়া।”
:—টমাচ মৰিছ

9. “আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া।”
:-হেম বৰুৱা

10. “খাবৰ বাবে, পিন্ধিবৰ বাবে মানুহে সুন্দৰভাৱে যিহকে কৰে, সেয়া কৃষ্টি।”
:—ৰাভা

11. “সত্যৰ দ্বাৰাহে সত্য লাভ হয়, হিয়া দান কৰিলেহে পাব পাৰি।” 
:-মাছেল

12. “নিজৰ দুখ গুচাবৰ একমাত্র উপায় পৰৰ দুখ পতিওৱা।”
: – তৰুণৰাম ফুকন

13. “ভিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা।”
:-মহাত্মা গান্ধী

14 “আদর্শ মানুহ সেইজনেই যিজনে অন্যৰ উপকাৰ কৰি আনন্দ পায় আৰু আনৰ পৰা উপকাৰ গ্ৰহণ কৰিব লাগিলে লজ্জিত হয়।”
:-এৰিষ্টটল

15. “এটা ভাষাৰ সাহিত্য কর্মত যিমানেই অন্য ভাষাৰ প্ৰভাৱ থাকে সিমানেই অনুসৃষ্টি
থাকে, সিমানেই সেই সাহিত্য উন্নত হয়।”
:-কীবন ফুকন



16. “ধর্ম মানুহৰ মনতহে থাকে আঁঠুত নাথাকে।”
– চক্রেটিছ

17. “সুখে মানুহৰ মানসিক শক্তি বৃদ্ধি কৰে, কিন্তু মানুহৰ আধ্যাত্মিক শক্তি বৃদ্ধি কৰে বিষাদে।”
– মার্চেল প্রষ্ট

18. “দেশে বিচাৰে স্বাধীনতা, জাতিয়ে বিচাৰে মুক্তি, জনগণে বিচাৰে বিপ্লৱ।”
–মাও-চে-তুঙ

19. “যি জাতিৰ সাহিত্য নাই সেই জাতি জীয়াই থাকিও মৰাৰ দৰে।” 
– তুলসী দাস

20. “আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভােগ কৰিবা।”
:- তুলসী দাস

21. “এইটো আচৰিত কথা নহয় যে মহাকাশ বিশাল, আচৰিত কথা এইটোহে মানুহে মহাকাশ জুখিব পাৰে।”
:—আনাতােলা ফ্রা


22. “মূর্খ লােকে সুন্দৰ পােছাকেৰে জ্ঞানীৰ সভাতে স্থান পায়। কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকে থাকে, যেতিয়ালৈকে তেওঁ মুখ নােখােলে।”
:-চাণক্য

23. “আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো, কিন্তু পৃথিৱীত
ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই।”
:-মাৰ্টিন লোথাৰ !

24. “দহােটা আঙুলিয়েই এজন মানুহৰ প্রকৃত বন্ধু।” 
::-ৰবার্ট কালিস্মাৰ

25. “খঙৰ বশীভূত হৈ কাম কৰিব নাপায়, খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে।”
:- ৰবার্ট কালিস্মাৰ


মহৎ লােকৰ বাণী অসমীয়া | মহৎ লোকৰ অমৃত বাণী | Mahat lokar bani in Assamese

26. “অভিজ্ঞতাৰ ওপৰত প্রতিষ্ঠিত হলেও সাহিত্য বাস্তৱতে অভিজ্ঞতাৰ কেটলগ’ বা যাদুঘৰ নহয়। নির্বাচন কৌশল, কল্পনা আৰু ৰীতিৰ সহায়েৰে অভিজ্ঞতাৰ কেঁচা
সঁজুলি গঢ়ি পিটি ল'লেহে প্রকৃত সৃষ্টি হয়।”
:-কৃষ্ণকান্ত সন্দিকৈ

27. “যিকোনাে বস্তু এটা ঘোঁৰাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি এগৰাকী গাভৰুৰ প্রথম প্রেমলৈকে, এটা ফুলৰ পাপৰি মেল খােৱাৰ পৰা আৰম্ভ কৰি এটা প্রচণ্ড ভূমিকম্পলৈকে – সূর্যৰ পােহৰত দেখা প্রতিটো বস্তুৱেই চুটি গল্পৰ বিষয় হ’ব পাৰে।”
:-বেটছ

28. “অসমীয়া জাতিৰ প্রতিভা ভাগ্যৰ জাপৰ তলত লুকাই আছে। সুযােগ আৰু সুবিধা
পালেই এদিন সি ভমকাই উঠিব।”
:- চন্দ্ৰকুমাৰ আগৰৱালা

29. “অখণ্ড সুখ – যি এটা ৰাতিপুৱাৰ পৰা আন এটা ৰাতিপুৱালৈ স্থায়ী হয়— তেনে সুখ মই সহ্য কৰিব নোৱাৰোঁ
:-এণ্টন চেখভ 



30. “পৰক আপােন কৰিবলৈ প্ৰতিভাৰ প্রয়ােজন।” :—ৰবীন্দ্রনাথ ঠাকুৰ

31. “মূর্খইহে আনক কিতাপ ধাৰলৈ দিয়ে কিন্তু যিজনে ধাৰলৈ কিতাপ নি ওভােতাই তাৰ সমান বুৰ্বক নাই।”
:-বানার্ডশ্ব

32. “জিভাৰে উজুটি খােৱাতকৈ ভৰিৰ উজুটি খােৱা বহুগুণে শ্রেয়।” 
:-জেন,

33. “সুন্দৰৰ পূজাই হৈছে কৃষ্টি বা সংস্কৃতি”
:– জ্যোতিপ্রসাদ

34. “মই আদৰ্শৰ অনুকৰণ কৰিবলৈ ব্যস্ত হৈ পৰিম।” ::-স্বামী বিবেকানন্দ

35. “তুমি যিদৰে আনৰ ব্যৱহাৰ আশা কৰা আনকো তুমি তেনে ব্যৱহাৰ কৰিবা।”
:-কনফুচিয়াচ

“36. মৰমে মৰম জন্ম দিয়ে।”
:-ছফোপলচ্‌

37. “আত্মা’ প্রশংসাকাৰীক ভগৱানে ঘিণ কৰে।”
:– ছেন্টক্লিমেন্ট

38. “অর্থনীতিয়ে চানেকি নির্ণয় কৰে।”
:-এঞ্জেলছ।

39. “যশস্যা আপােনাৰ সুকীৰ্ত্তিৰ মৃদু সুগন্ধ।”
:-চক্রেটিচ

40. “গৃহ বা পৰিয়ালেই হৈছে শিক্ষাৰ আৰম্ভণিৰ প্রথম খােজ।” 
:- ৰােজেন ক্রেজ

41. “ক্রোধৰ ফলতেইজগত ধ্বংস হয়।”
:- যুধিষ্ঠিৰ

42. “পাপী যিমান ডাঙৰ সন্ন্যাসীও সিমানেই ডাঙৰ”
:- মহাত্মাগান্ধী

43. “পৰােপকাৰেই পুণ্য আৰু পৰৰ ওপৰত অত্যাচাৰেই পাপ।”
:- বেদব্যাস

44. “মৃত সিংহ এটাতকৈ জীয়া কুকুৰ এটা বেছি ভাল।”
:- বাইবেল।

45. “মৃত সিংহ এটাতকৈ জীয়া কুকুৰ এটা বেছি ভাল।”
:- বাইবেল

46. “জ্ঞানীলােক অসম্ভৱৰ ফালে ধাৱিতনহয়।”
:– মেচিজাৰ

47. “জ্ঞান মানুহক দিব নােৱাৰি উপলব্ধি কৰিব পাৰি।”
:- চক্রেটিছ

48. "আমাৰ চিন্তা-ভাবনাৰ পৰাই চৰিত্ৰ গঠন হয়।”
:- আনন্দচন্দ্ৰ আগৰৱালা

49. "আনে মােৰ বিষয়ে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। মই পিছে কি কৰিম আৰু কম সেইটোহে গুৰুত্বপূর্ণ।”
:-ৰবীন্দ্রনাথ ঠাকুৰ

50. "যি মানোহে কেতিয়াও ভুল নকৰে তেওঁ জীৱনত আন একোৱে নকৰে।”
:- ফেলপছা।

মহৎ লােকৰ বাণী অসমীয়া | মহৎ লোকৰ অমৃত বাণী | Mahat lokar bani in Assamese

51. “জয় গুৰু শঙ্কৰ সর্ব গুণাকৰ
যাকেৰিনাহিকে উপাম তােহাৰি চৰণকু ৰেণুশত কোটি
বাৰেক কৰোঁহো প্রণাম।”
:- মাধৱদেৱ

52. "জন্মৰ দ্বাৰানহয়, কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়।”
: -মহাবীৰ

53. "ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলােখিনিয়ে হেৰায়।”
:- চক্রেটিছ

54. “মানুহৰ সেৱাৰ মাজেদিহে মইঈশ্বৰক লগ পাবলৈ বিচাৰোঁ। কাৰণ ঈশ্বৰ স্বৰ্গতাে
নাই, পাতালতাে নাই। আছে মানুহৰ অন্তৰত।”
:- মহাত্মাগান্ধী

55. কুসংস্কাৰেই হ’ল পৃথিৱীৰ আটাইতকৈ গভীৰ বােজা।”
– ডঃ সর্বপল্লী ৰাধাকৃষ্ণন

56. উপবাসে থাকি মানুহে দেহক সংযত কৰি ৰাখে যদিও ভােগ স্পৃহা থাকিয়েই যায়”
:- গীতা

57. “দান কৰা বস্তুটো নিদিয়াটো ঋণ পৰিশােধ নকৰাৰ সমান” 
:- কৌটিল্য

58. তুমি নিজে সাধু হােৱা। তেতিয়া নিঃসন্দেহে ক'ব পাৰিবা যে এজন অসৎলােক পৃথিৱীত কমি গৈছে।”
:- কার্লাইল

59. মূর্খ আৰু অজ্ঞানীয়ে সত্য কি নাজানে।”
—বুদ্ধদেৱ

60. জীৱনত উন্নতি কৰাৰ লগে লগে যিটো বিষয়ক আটাইতকৈ মূল্য দিয়া উচিত সেইটো হৈছেনম্রতা।”
— লাল বাহাদুৰ শাস্ত্রী

61. “অন্তৰ পবিত্ৰ নহ'লে, ইন্দ্রিয় সংযমী হ'ব নােৱাৰিলে, শিক্ষিত বিদ্বান হ’ব নােৱাৰি।”
:- মহাত্মা গান্ধী।

62. “পাপীয়ে সদায় পােহৰলৈ ভয় কৰে, কাৰণ পােহৰত তাৰ স্বৰূপ প্রকাশ পায়।”
:- যীশুখ্রীষ্ট

63. বন্ধুত্ব হৈছে দুটা দেহত বাস কৰা এটা আত্মা।”
– এৰিষ্টটল

64. মােৰ বাবে তুমি খৰচ কৰি কুৱেৰৰ ভড়াল যদি খুলি দিব নােৱাৰাে তেতিয়া ক'বা।”
- এৰিষ্টটল



65. “আমি বিশেষ কোনাে জাতি ধর্ম বা আদর্শবাদৰ সপক্ষে নহওঁ, মানৱতাই আমাৰ লক্ষ্য, শাস্তিয়েই আমাৰ কাম্য।”
– ডাঃ ৰাধাকৃষ্ণন

66. “ইটা শিলৰ আহি চাই চাই গাঠি গ'লেহে ঘৰ হয়গৈ। সজ কথা, সজ উপদেশ এটা এটাকৈ কামত লগাই পৈনত অভ্যাস হ'লেহে চৰিত্ৰই গঢ় লয়।”
 – বেজবৰুৱা

67. “মিছাৰ সহায়েৰে বিপদ এটাৰ পৰা সাৰিব পাৰি, কিন্তু মিছা পৰিহাৰ কৰি বিপদৰ
সম্মুখীন হলে অসীম আনন্দ পােৱা যায়।”
:-এডৱার্ড মন্টেগু

68. “ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰায়েই শ্রেয়।”
– মহাত্মা গান্ধী

69. “মই নিজেই শিক্ষার্থী, স্বার্থসিদ্ধিৰ কাৰণে কৰিবলগীয়া মােৰ একো নাই মই যেতিয়াই
সত্যৰ সন্ধান পাওঁ, তাক তেতিয়াই গ্ৰহণ কৰোঁ আৰু সেইদৰে কাম আৰম্ভ কৰোঁ।”
– মহাত্মা গান্ধী


মহৎ লােকৰ বাণী | মহৎ লোকৰ অমৃত বাণী | Mahat lokar bani in Assamese

70. “ভগৱান যদি মুছলমানৰ মছজিদত ৰ’লনাইবা হিন্দুৰ মন্দিৰতেইৰ’ল, তেন্তেবাহিৰৰ
এই মহা বিশ্বত কোন থাকিব?”
– কবিৰ

80. “আপােনালােকে মাতৃভূমিৰ প্ৰগতিৰ হকে পৰিশ্ৰম কৰিব লাগিব। মাতৃভূমিৰ
মন প্রফুল্লিত ৰাখিবলৈ ত্যাগ স্বীকাৰ কৰিব লাগিব।”
:- শ্রীঅৰবিন্দ

81. “অতি সাধু হােৱা বিপদজনক।”
:- বার্নাডশ্ব

82. “পাপক ঘৃণা কৰিবা কিন্তু পাপীক ঘৃণা নকৰিবা।”
:- যীশুখ্রীষ্ট

83. “স্বাধীনতা আমাৰ জন্মগত অধিকাৰ।”
– তিলক

84. “চকুৰে নেদেখাজনক অন্ধ বুলিব নােৱাৰি, নিজৰ দোষ-ত্রুটিবােৰ লুকাই ৰখাজনহে প্রকৃতাৰ্থত অন্ধ।”
– মহাত্মা গান্ধী

85. “আমি কৰা প্ৰতিটো সৎ কামৰ বাবে একোজন সৎ দেৱদূতৰ আৰু প্ৰতিটো অসৎ
কামৰ বাবে একোজন অসৎ দেৱদূতৰ জন্ম হয়।”
– ৰেবি উলফ

86. "মই একেৰাহে কেইবাদিনাে উপবাসে থাকিব পাৰোঁ ৷ কিন্তু ঈশ্বৰক প্রার্থনা নকৰাকৈ
মই এদিনাে থাকিব নােৱাৰোঁ।”
– মহাত্মা গান্ধী

87. “পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পােৱা যায়।”
- সত্যনাথ বৰা।


88. “আদর্শহীন মানুহ গুৰি বঠা নােহােৱা নাৱৰ দৰে।”
:- মহাত্মা গান্ধী

89. “খঙৰ বশীভূত হৈ কাম কৰি নেপায়। খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা
কৰি খং দমন কৰিব লাগে।”
:- কনফুচিয়াচ

90. “মানুহে কেৱল নিজৰ নিমিত্তে জীৱন ধৰানাই, মানুহে মানুহৰ নিমিত্তে জীৱন ধৰিছে।”
:- কমলাকান্ত ভট্টচার্য্য

91. “দুর্ভাগ্য পাখি মেলি উৰি আহে আৰু খােজ কাঢ়ি গুচি যায়।”
:- এইচ. জি. বন

92. “উদ্যোগী পুৰুষ সিংহই কেৱল যে লক্ষ্মীকেই লাভ কৰে তেনে নহয় সৰস্বতীকো লাভ কৰে।”
:- ৰবীন্দ্ৰ নাথ ঠাকুৰ।

93. “জীৱনটোত যদি ঘাত প্রতিঘাতেই নাথাকে তেন্তে সেইটো জীৱনেইহ’ব নােৱাৰে। জীৱনটো হৈছে এটা কলা। ই কলাকাৰ ৰূপে বিৰাজিত। আশা আৰু আকাঙ্খৰ প্রেৰণাই হৈছে জীৱনৰ অঙ্গ। ইয়াৰ অবিহনে জীৱনৰ গতি মৰহি শুকাই।”
—নেহেৰু

94. “গীতা বিপদ আপদৰ বন্ধু, ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ শান্তিদাতা আৰু
মানুহৰ মনৰ ভাব চিন্তাৰ ফলদাতা।”
:- নেহেৰু

95. "ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে।”
:- নেহেৰু

96. “কামত ধৰি আমি যেতিয়া নিজকে পাহৰি যাওঁ তেতিয়াইসজকাম কৰিবলৈ সমর্থ হওঁ আৰু আমাৰ পূর্ণশক্তি প্রয়ােগ কৰিব পাৰোঁ।”
:- বিবেকানন্দ

97. “অসৎ কল্পনা অসৎ কর্মৰ দৰে বেয়া। অর্থাৎ অসৎ চিন্তাই পাপ। সংযত বাসনাই আমাক উচ্চস্তৰলৈ নিয়ে।”
– বিবেকানন্দ

98. “কাম কৰিবলৈ মানুহৰ জন্ম হৈছে। যি মানুহে কাম নকৰে, তেওঁ মানুহেইনহয়।”
:- জোছেফ কনৰাত্‌

99. "দেখা নাই শুনা নাই তুমি এটি মােৰ হৃদয়ৰ নজনা বাসনা। মনেৰে ধুনীয়া কৰা মনেৰেই সজা তুমি মােৰ পবিত্র কল্পনা”
:- দুর্গেশ্বৰ শৰ্মা

100. “চলন্ত পৃথিৱী এখনত আমি স্থবিৰ হৈ থাকিব নােৱাৰোঁ।”
:- নেহাৰু

101. "বিশ্বাসে আনন্দ দিয়ে, প্রেমেৰে যৌৱন, বয়সে নকৰে বুঢ়া, পাপেহে উছন।”
:- বেজবৰুৱা

মহৎ লােকৰ বাণী অসমীয়া | মহৎ লোকৰ অমৃত বাণী | Mahat lokar bani in Assamese