অমলপ্রভা দাস | Lesson 11 | Class 5 Assamese lesson question Answer | পঞ্চম শ্রেণী অসমীয়া প্ৰশ্ন আৰু উওৰ
LESSION 11
অমলপ্রভা দাস
পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়া।
1। (ক) অমলপ্রভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল ?
উত্তৰঃ- পিতৃ আছিল -ড হৰিকৃষ্ণ দাস।আৰু মাতৃ হেমপ্রভা দাস।
(খ) অমলপ্রভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল ?
উত্তৰ :- যেতিয়া অমলপ্ৰভাৰ বয়স ১০ বছৰ হৈছিল তেতিয়াৰ পৰাই সূতা কাটিবলৈ আৰম্ভ কৰিছিল।
(গ) তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল ?
উত্তৰঃ- তেখেতে শৰণীয়া পাহাৰত কাগজ তৈয়াৰ কৰা উদ্যোগ,তেলপেৰা উদ্যোগ,চাবােন তৈয়াৰ কৰা, তাতত কাপােৰ বােৱা,মৌ পালন কৰা আদি উদ্যোগ স্থাপন কৰিছিল।
(ঘ) এই উদ্যোগবােৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল ?
উত্তৰ :- উদ্যোগ বােৰে স্বাৱলম্বী হােৱাত সহায় কৰিব বুলি আশা কৰিছিল।
(ঙ) চৰকাৰে অমলপ্রভা দাসক কি সম্মান দিবলৈ বিচাৰিছিল ?
উত্তৰ :- ভাৰত চৰকাৰে অমলপ্রভা দাসক ১৯৫৫ চনত ‘পদ্ম বিভূষণ’ সন্মান দিব বিচাৰিছিল।
3. তলৰ কথাখিনি কোনে, কাক, কিয় কৈছিল লিখা।
মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ তাক মান্যতা দিয়াৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছে। কিন্তু মই এই সম্মান ল'ব নােৱাৰিম, কিয়নাে ই মােৰ মনলৈ অহংকাৰ ভাব আনি দিব। তাৰ বাবে মােক অনুগ্ৰহ কৰি মার্জনা কৰে যেন।
উত্তৰ :- এই কথাখিনি অমলপ্রভা দাসে সেই সময়ৰ প্রধান মন্ত্রী জৱাহৰলাল নেহৰুক কৈছিল।
অমলপ্রভা দাসে শৰণীয়া পাহাৰত কিছুমান উদ্যোগ স্থাপন কৰিছিল। তেওঁ জানিছিল যে স্বাৱলম্বনৰ জৰিয়তে এখন দেশ উন্নতিৰ পথত আগুৱাব পাৰে। অমল প্রভা দাসৰ সমাজ হিতকৰ বাবে জৱাহৰলাল নেহেৰুৱে ‘পদ্ম বিভূষণ’ সন্মান প্রদান কৰিছিল, কিন্তু অমলপ্রভা দাসে সেই মহৎ সন্মান গ্রহণ নকৰিলে। এই কথা প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক চিঠিৰে জনাই দিছিল।
0 Comments
Post a Comment