অনুৰূপ শব্দ কাক বোলে উদাহৰন দিয়া 

উওৰ-  জোৰকৈ বা সমপর্যায়ৰ অন্য, বস্তু বা কথা বুজাবলৈ কেতিয়াবা একোটা শব্দৰ আগত বা পিছত প্রায় তেনে ধৰণৰ (অর্থাৎ প্রায় তেনে উচ্চাৰণৰ)
শব্দৰ বা শব্দাংশ ব্যৱহাৰ কৰা হয়। তাকেই অনুৰূপ শব্দ বােলে।  


অনুৰূপ শব্দ কাক বোলে । অনুৰূপ শব্দ অসমীয়াত 






যেনে-

মাছ-তাছ নাই, ভাত কিহৰে খাবি?' এই বাক্যৰ মাছ শব্দৰ লগত তাছ’ অর্থহীন
শব্দ ব্যৱহাৰ কৰা হৈছে। মাছ-তাছ দুয়ােটা একেলগে উচ্চাৰণ কৰাত মাছ আৰু মাছ
পর্যায়ৰ অন্য খাদ্য বস্তুৰ ইংগিত কৰিছে। অনুৰূপ শব্দটো অকলে ব্যৱহাৰ হ'ব নােৱাৰে,
কাৰণ ই অর্থহীন শব্দ। মূল শব্দৰ লগ লাগিলে অর্থসম্পন্ন হৈ পৰে।
তেনেকৈ
 টকা-চকা, ঘৰ-চৰ, কিতাপ-চিতাপ, পা-পইচ্ছ, ডা-ডাঙৰীয়া, জা-
জলপান, ধাৰ-ধুৰ, তেল-কুৰ, ইনাই-বিনাই, অকাই-পকাই ইত্যাদি।


Related Post


অনুৰূপ শব্দ তিনি প্রকাৰে সাধিত হয়।

(ক) অনুকাৰ ৰূপ :
অনুকাৰ শব্দৰ দৰে প্ৰায় একে উচ্চাৰণৰ শব্দ মূল শব্দৰ আগত বা পিছত
যােগ কৰি অনুকাৰ-অনুৰূপ পােৱা যায়।

(১) মূল শব্দৰ পিছত শব্দটোৰ আদিতে থকা ব্যঞ্জন ধ্বনিৰ ঠাইত দন্তমূলীয় চ আৰু আদি স্বৰ ধ্বনি ‘
চত যােগ কৰি শব্দৰ বাকী অংশ ব্যৱহাৰ কৰা হয়। যথা,
টকা-চকা, মাছ-তাছ, ভাত-চাত, কিতাপ-চিতাপ, পুথি-চুথি, ঔ-চৌ।
(২) মূল শব্দৰ আদি আখৰ চ, ছ থাকিলে অনুৰূপ শব্দৰ আদি আখৰ ত’ হয়। যেনে-

চুলি-তুলি, চকু-তকু, চাকি-তাকি, চাহ-তাহ ইত্যাদি।
(৩) কেতিয়াবা অনুকাৰ শব্দৰ দৰে মূল শব্দৰ আদি স্বৰ ধ্বনি লৈ শব্দৰ বাকী অংশ উচ্চাৰণ কৰি শব্দ গঢ়া হয়।
এনে অনুৰূপ শব্দ মূল শব্দৰ আগত বহে। যেনে,
ইনাই-বিনাই আকলি বাকলি, অকাই-পাই, উৰাই-ঘূৰাই।

(খ) আদি ধবনি  দ্বিৰুক্তি :

কেতিয়াবা মূল শব্দটোৰ আদি ধ্বনিত শ্বাসাঘাত (stress) দিয়াৰ ফলত
জোৰদি শব্দটো বুজাবলৈ গৈ আদি ধ্বনিটো দ্বিৰুক্তি কৰা হয়। তেনেকৈ একশেষ
অনুৰূপ সৃষ্টি হয়। যেনে-
বাতৰি, কিন্তু বা বাতৰি। পা-পইচা, জা-জলপান, ডা-ডাঙৰীয়া।

(গ) অনিয়মিতভাবে :
কেতিয়াবা বেলেগ উচ্চাৰণৰ  যুৰীয়া শব্দ ব্যৱহাৰ কৰিও অনিয়মিতভাৱে অনুৰূপ শব্দ গঢ়ি তােলে। যেনে-
ৰূপ-বান, তেল-কুৰ, ৰং-ৰহইচ, চাকৰ নাকৰ।